আজি সফল সামৰণি পৰে।মৰিগাঁও জিলাত আয়োজন কৰা সদৌ অসম দেৱদামোদৰ সংঘৰ বাৰ্ষিক অধিৱেশনৰ দেওবাৰৰ পৰা আৰম্ভ হোৱা অধিৱেশনখনৰ অন্তিম দিনাও উৎসৱমুখৰ পৰিৱেশেৰে মুখৰিত হৈ উঠে অধিৱেশনস্থলী।
আজি পুৱাই ৰাজপথত উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাত অংশগ্ৰহণ সহস্ৰাধিক পুৰুষ-মহিলা, যুৱক-যুৱতী তথা শিশু-কিশোৰৰ পৰম্পৰাগত সাজ-পোছাক আৰু সাংস্কৃতিক ঐতিহ্য বহন কৰি অংশগ্ৰহণ কৰে। ঢোল, পেঁপা, তাল-খোলৰ সুৰত গোটেই বহা বৰঝাৰী অঞ্চল উদুলি-মুদুলি হৈ পৰে।
উল্লেখযোগ্য যে, অধিৱেশনৰ প্ৰথম দিনা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সুকলমে সম্পন্ন কৰা হয়। শোভাযাত্ৰাৰ পিছতেই অধিৱেশনস্থলীত এক মুকলি সভা অনুষ্ঠিত হ’ব বুলি আয়োজকসকলে জানিবলৈ দিয়ে। সামগ্ৰিকভাৱে সদৌ অসম দেৱদামোদৰ সংঘৰ এই বাৰ্ষিক অধিৱেশনে বহা বৰঝাৰীত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে সমাজিক-সাংস্কৃতিক ঐক্যৰ বাৰ্তা প্ৰেৰণ কৰিছে।