Share and Enjoy !

Shares

ভাৰত–বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে দক্ষিণ শালমাৰা–মানকাচৰ জিলাত এক গুৰুত্বপূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে।

জিলা দণ্ডাধীশ ৰাহুল কুমাৰ গুপ্তাই জাৰি কৰা ধাৰা ১৬৩ অনুসৰি আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ভাৰতীয় অংশত শূন্য বিন্দুৰ পৰা ৩০০ মিটাৰৰ ভিতৰত মৰাপাট, মাকৈ আদি দীঘলীয়া শস্যৰ খেতি কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

দীঘলীয়া শস্য থাকিলে সীমান্তত নজৰদাৰী কাৰ্যত ব্যাঘাত জন্মাৰ সম্ভাৱনা থকাৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে।

বিশেষকৈ সীমান্ত সুৰক্ষা বাহিনীৰ নিয়মিত তহলত যাতে কোনো ধৰণৰ ব্যাঘাত নহয় সেই উদ্দেশ্যেৰে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে।

পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব। উল্লেখযোগ্য যে এই আদেশ উলংঘা কৰিলে আইন অনুসৰি কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *