Share and Enjoy !

Shares

সোমবাৰে পুৱা ৮-১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে।প্ৰসন্ন কুমাৰ গোস্বামীয়ে।

১৯৪১ চনত জন্মগ্ৰহণ কৰা গোস্বামীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৫ বছৰ।

গোস্বামীৰ বিয়োগত নগাঁৱৰ বিভিন্ন দল- সংগঠনে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।  মৃত্যুৰ সময়ত গোস্বামীয়ে ইহ সংসাৰত এৰি থৈ যায় পত্নী কমলা গোস্বামী, দুই সুযোগ্য তথা প্ৰতিষ্ঠিত পুত্ৰ ক্ৰম জয়ন্ত গোস্বামী, ভাৰ্গৱ গোস্বামী তথা দুগৰাকী জীয়ৰীৰ লগতে ভালেসংখ্যক ইষ্ট-কুটুম্বক।

উল্লেখযোগ্য যে, উৰিয়াগাঁওলৈ তেখেতৰ অৱদান অপৰিসীম। শৈক্ষিক ক্ষেত্ৰৰ উপৰি সামাজিক- সাংস্কৃতিক আদি ক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অৱদান অনস্বীকাৰ্য। ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত এইগৰাকী নিৰহংকাৰী ব্যক্তিয়ে নগাঁৱৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানলৈ আগবঢ়াইছে উল্লেখনীয় অৱদান।

ইয়াৰ ভিতৰত গান্ধাৰ, কলংপৰীয়া বাৰগঞা সমাজ কৰ্ণধাৰ, ব্ৰহ্মচাৰী সত্ৰৰ সত্ৰাধিকাৰ পদ, অসম সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতিৰ পদ অলংকৃত কৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *