Share and Enjoy !

Shares

ব্ৰহ্মপুত্ৰৰ মাজেৰ চৰ এলেকাত চক্ৰৰ বগলীক ধৰি অন্যান্য প্ৰজাতিৰ পক্ষীক নিধন । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।এই ঘটনাৰ পাছতে ধুবুৰী আৰক্ষীৰ এটা দলে উক্ত অঞ্চলটোত অভিযান চলাই।

অভিযানত দুজন লোকক গ্ৰেপ্তাৰ কৰে । ইপিনে গ্ৰেপ্তাৰ কৰা লোক দুজন ধুবুৰীৰ আমিনুৰ ৰহমানআৰু কাইফ আলম খণ্ডকাৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ধৃত লোকদুজনৰ পৰা এটা এয়াৰ ৰাইফল জব্দ কৰাৰ লগতে বগলীকে ধৰি ৮ টাকৈ মৃত পক্ষী উদ্ধাৰ কৰিছে। ধুবুৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ধুবুৰী থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *