Share and Enjoy !

Shares

কাইলৈৰে পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। পৰীক্ষাৰ পূৰ্বে প্ৰৱেশ পত্ৰ নোপোৱাত হাহাকাৰ ১০-১২ জনকৈ ছাত্ৰ ছাত্ৰীৰ।

ধুবুৰীৰ আলমগঞ্জত ব্যক্তিগত খণ্ডৰ DYNAMIC ACADEMY নামৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনাটো।

DYNAMIC ACADEMY বিদ্যালয়ৰ প্ৰায় ১০-১২জন ছাত্ৰী-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ নোপোৱাত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে

উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে বিদ্যালয় খনত উপস্থিত হোৱাত অধ্যক্ষ আৰু কৃৎপক্ষই বিদ্যালয়খন বন্ধ কৰি পলায়ন কৰে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে- ব্যক্তিগত খণ্ডৰ বিদ্যালয় খনৰ অধ্যক্ষ আৰু কৰ্তৃপক্ষৰ হেমাহীৰ বাবে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতলৈ হেতালি খেলাৰ অধিকাৰ ক’ত পালে? এই সন্ধৰ্ভত বিদ্যালয়খনৰ ওপৰত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকে।

Leave a Reply

Your email address will not be published. Required fields are marked *