সমাগত বিধানসভা নিৰ্বাচন।বিধানসভা নিৰ্বাচনৰ দিন চাপি অহাৰ লগে লগে উত্তাল ৰাজ্যৰ ৰাজনীতি।
এফালে বিজেপি দলে গৌৰব গগৈৰ পাকিস্তানী এজেণ্ট আখ্যা দি ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । তাৰ সমান্তৰালকৈ বিৰোধী দল কংগ্ৰেছ দলেও মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি- সম্পত্তিৰ বিৰুদ্ধে উঠা অভিযোগৰ দাবীৰে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ।
আজি দেশতকৈ মামী ডাঙৰ নহয় শ্ল’গানেৰে ৰঙিয়াত তীব্ৰ প্ৰতিবাদ কংগ্ৰেছ দলৰ। মুখ্যমন্ত্ৰীৰ পত্নীক মাটি চোৰ আখ্যা দি কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে অভিযোগ প্ৰতি অভিযোগত এক প্ৰকাৰ উত্তাল হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী কাৰ্য্যসূচীত কংগ্ৰেছ নেতা প্ৰাণজিৎ চৌধুৰী,প্ৰশান্ত কুমাৰ মহন্ত,বাপুকান আলী,অনোৱাৰ হুছেইন,মৃণাল ডেকাকে ধৰি বহু নেতা কৰ্মী উপস্থিত থাকে।