Share and Enjoy !

Shares

বিশেষ সংশোধনী (SR 2026)ৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ

মঙলবাৰে যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰিলে বিশেষ সংশোধনীৰ চূড়ান্ত ভোটাৰ তালিকা।

আজি প্ৰকাশ পোৱা চূড়ান্ত ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা ২,৪৯,৫৮,১৩৯গৰাকী। খচৰা ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা আছিল ২,৫২,০১,৬২৪গৰাকী। চূড়ান্ত ভোটাৰ তালিকাত পুৰুষ ভোটাৰৰ সংখ্যা ১,২৪,৮২,২১৩গৰাকী।

চূড়ান্ত ভোটাৰ তালিকাত মহিলা ভোটাৰৰ সংখ্যা ১,২৪,৭৫,৫৮৩গৰাকী। চূড়ান্ত ভোটাৰ তালিকাত ০.৯৭ শতাংশ হ্ৰাস হৈছে ভোটাৰৰ সংখ্যা। ৩৩৪ গৰাকী তৃতীয় লিংগ ভোটাৰ আছে চূড়ান্ত তালিকাত।

নির্বাচনী পঞ্জীয়ন বিষয়াৰ কোনো সিদ্ধান্তত অসন্তুষ্ট হ’লে ১৫ দিনৰ ভিতৰত জিলা দণ্ডাধীশৰ ওচৰত আপীল কৰিব পাৰিব। প্ৰয়োজন হ’লে ৩০ দিনৰ ভিতৰত মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত দ্বিতীয় আপীল দাখিল কৰিব পাৰিব বুলি যুটীয়া মুখ্য নির্বাচনী বিষয়াই সদৰী কৰিছে।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *