Share and Enjoy !

Shares

এক শোকাৱহ দুৰ্ঘটনা! নিমিষতে শেষ হৈ গ’ল সকলো।

ধুবুৰীৰ আগমনিৰ হালাকুৰাত মৰ্মান্তিক দুৰ্ঘটনা।। দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী ৮ মহীয়া গৰ্ভৱতী মহিলা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চালকসহ দুগৰাকী যাত্ৰী।

জানিব পৰা মতে, ধুবুৰীৰ পৰা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আলিপুৰদুৱাৰ ৰে’ল ষ্টেচন গৈ আছিল লোককেইগৰাকী। তেতিয়াই AS-01BD-4131 নম্বৰৰ বাহনখনত খুন্দা মাৰে WB-57D-9983 ট্ৰাকখনে।
আলিপুৰদুৱাৰৰ পৰা ৰে’লৰে পাটনালৈ যোৱাৰ কথা আছিল। নিহত মহিলাগৰাকীৰ মোমায়েকৰ ঘৰত আছিল পাটনাত।

নিহত মহিলাগৰাকীৰ লিজা তিয়ৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহতকেইগৰাকী হ’ল শুভজিত সাহা, অঞ্জলি মাঝি আৰু দিলীপ বিন।
গুৰুতৰভাৱে আহত তিনিওকে ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰা হয়। দুৰ্ঘটনাত পতিত হোৱা আতাইকেইগৰাকীৰে ঘৰ ধুবুৰীৰ পালপাৰাত।

Leave a Reply

Your email address will not be published. Required fields are marked *