বন্দে মাতৰম সন্দৰ্ভত নতুন গাইডলাইন।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে নতুন গাইডলাইন।
নতুন গাইডলাইন অনুসৰি, বন্দে মাতৰমৰ বাবে এতিয়াৰে পৰা প্ৰতিগৰাকী নাগৰিক থিয় হোৱাটো বাধ্যতামূলক হ’ব। বন্দে মাতৰম পৰিৱেশন আৰু শুৱাৰ সময়ত সকলো থিয় হৈ থাকিবই লাগিব।
দেশৰ সকলো ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, মন্ত্ৰালয়, আৰু সাংবিধানিক সংস্থালৈ এই ১০পৃষ্ঠা জোৰা নিৰ্দেশনা জাৰি কৰিছে।
চৰকাৰী অনুষ্ঠানত ৩ মিনিট ১০ ছেকেণ্ডৰ বন্দে মাতৰম গোৱাটো বাধ্যতামূলক। যিকোনো অনুষ্ঠানত জাতীয় সংগীতৰ পূৰ্বে বন্দে মাতৰম বজাই দিয়া হ’ব আৰু গীতৰ সময়ত মানুহে থিয় দি থাকিব লাগিব বুলিও ১০ পৃষ্ঠাৰ আদেশত স্পষ্ট কৰি দিয়া হৈছে। গীতটো বজাব পৰা অনুষ্ঠান আৰু স্থানৰ তালিকাও উল্লেখ কৰা হৈছে। এই তালিকাত বিদ্যালয়ৰ সভাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।