Share and Enjoy !

Shares

অৱশেষত নিলম্বন হ’ল পাঞ্জাবাৰীস্থিত শ্বহীদ যাদৱ নাথ হোমিওপেথিক মেডিকেল কলেজৰ দুজন অধ্যাপক‌।

ডাঃ মনোজ কুমাৰ ডেকা আৰু ডাঃ সঞ্জীৱ শৰ্মাক নিলম্বন কৰিলে ৰাজ্যৰ স্বাস্থ্য বিভাগে।

দুই অধ্যাপকে ২০২৪ বৰ্ষৰ ২৩ জুলাইত অনুষ্ঠিত পৰীক্ষাৰ সময়ত ছাত্ৰক অন কেমেৰা যোগান ধৰিছিল নকল ।

তাৰপাছতে অধ্যাপক কেইজনৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছিল স্বাস্থ্য বিভাগে ।

তদন্তৰ অন্তত দোষী সাব্যস্ত হয় তিনি অধ্যাপক ।

ডাঃ মনোজ কুমাৰ ডেকা,ডাঃ সঞ্জীৱ শৰ্মা আৰু ডাঃ পুলিন পেগু ।

ইতিমধ্যে কিছুদিন পূৰ্বে এই ঘটনাতে দোষী সাব্যস্ত হৈ নিলম্বিত হৈছিল পুলিন পেগু।

Leave a Reply

Your email address will not be published. Required fields are marked *