Share and Enjoy !

Shares

ধুবুৰীৰ জিলাৰ তামাৰহাটৰ মটেৰঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা ।ধুবুৰীৰ গোলকগঞ্জৰ পৰা কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰ অভিমুখে আহি থকা তীব্ৰবেগী ডাম্পাৰৰ প্ৰচণ্ড খুন্দা একে দিশেৰে আহি থকা যাত্ৰীবাহী ই-ৰিক্সাত ।

ফলত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় অনিল মালাকৰ নামৰ এজন ই-ৰিক্সা যাত্ৰী । আনহাতে গুৰুতৰভাৱে আহত হয় ই-ৰিক্সা চালক খয়বৰ শ্বেখ ওৰফে ভেঁকুক। সংকট জনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ই-ৰিক্সা চালকজনক

জানিব পৰা মতে নিহত অনিল মালাকাৰৰ ঘৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত মটেৰঝাৰৰ আমতোলাত ।

স্থানীয় ৰাইজে খেদি খেদি সন্দেহজনক ভাবে আটক কৰে দুখন কৈ ডাম্পাৰ । আটকাধীন ডাম্পাৰ দুখনৰ নম্বৰ NL 01A F 9296 আৰু MZ04 A6438 । ডাম্পাৰ দুখন আটক কৰি ক্ষোভিত ৰাইজে ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *