Share and Enjoy !

Shares

আজি ভাৰত বন্ধ। সমগ্ৰ দেশতে ৩০ কোটি শ্ৰমিকে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰোধিতাৰে ১০টাতকৈও অধিক বাণিজ্যিক আৰু কৃষক সংঘই ১২ ফেব্ৰুৱাৰী অৰ্থাৎ আজি ভাৰত বন্ধৰ আহ্বান জনাইছে। পুৱাৰে পৰা কিছু ঠাইত ভাৰত বন্ধৰ প্ৰভাৱ দেখা গৈছে।

ভাৰত বন্ধৰ প্ৰভাৱ নগাঁও চহৰৰত কিছু পৰিমানে পৰা দেখা গৈছে।

নগাঁও চহৰৰ ক্লক টাৱাৰৰ ওচৰত কিছু সংখ্যক লোকে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। কিছুসময়ৰ পাছতে প্ৰতিবাদ কাৰীক নগাঁও আৰক্ষীয়ে আটক কৰি সদৰ থানালৈ লৈ যায়।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো ব্যাপকৰূপত পৰা দেখা যায়। আজি ধুবুৰীৰ পৰা সকলো ধৰণৰ যাত্ৰীবাহী বাছ, ট্ৰাকৰ চলাচল একেবাৰে বন্ধ থাকে। ধুবুৰীস্থিত সকলো বেংক প্ৰতিষ্ঠানকে ধৰি ষ্টেট বেংকৰ প্ৰধান শাখাৰ কাৰ্যালয়ো আজি বন্ধ থাকে। অৱশ্যে ই-ৰিক্মা, তিনি চকীয়া যাত্ৰী বাহী বাহনৰ চলাচলো ধুবুৰী চহৰত কম চলি থকা পৰিলক্ষিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *