Share and Enjoy !

Shares

আজি মহা শিৱৰাত্ৰি। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী দিনা উদযাপন কৰা হয় মহা শিৱৰাত্ৰি । শিৱৰাত্ৰি উপলক্ষ পুৱাৰে পৰা ভগৱান শিৱক প্ৰাৰ্থনা কৰিবলৈ মন্দিৰসমূহত ভিৰ কৰিছে ভক্তই।

আজিৰ দিনটোত জীৱনৰ “অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰা”ৰ বাবে মহাদেৱক স্মৰণ কৰে। শিৱৰাত্ৰীৰ দিনা ভক্তই উপবাসে থাকি শিৱৰ আৰতি পাঠ কৰে আৰু ওৰে ৰাতি সাৰে থাকি ভক্তি আৰাধনাত বিলিন হয়। কোনো কোনোৱে শিৱ মন্দিৰ বা জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ যায়।হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱটিৰ আৰম্ভণিৰ তাৰিখ জনা নাযায় যদিও অতীতৰ পৰা চলি অহা বহু কাহিনীয়ে মহা শিৱৰাত্ৰিৰ গুৰুত্ব বৰ্ণন কৰে, তাৰে এটা হৈছে এয়া শিৱৰ নৃত্যৰ নিশা(Maha Shivratri)।

দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মহাদেশৰ বিখ্যাত শ্ৰী শ্ৰী মহাভৈৰৱ দেৱালয়ত কাইলৈৰ পৰা দুদিনীয়াকৈ মহা শিৱৰাত্ৰি আয়োজন কৰিছে ।এই আয়োজনক লৈ আজিৰে পৰা দেৱালয় প্ৰাংগনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে দেৱালয়ৰ পূজাৰী সকলো বিশেষভাৱে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ।

দেৱালয়ৰ চৌপাশ সজাই পৰাই তোলাৰ লগতে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজক সেৱা -শুশ্ৰূষা কৰিবলৈ দেৱালয় পৰিচালনা সমিতিয়ে ব্যাপক তৎপৰতা অব্যাহত ৰখা পৰিলক্ষিত হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *