মহিলা উদ্যমিতা আঁচনিক লৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ। কেবিনেট বৈঠকত মহিলা উদ্যমিতা আঁচনিক লৈ গ্ৰহণ কৰিলে ডাঙৰ সিদ্ধান্ত।
কেবিনেটৰ সিদ্ধান্ত সদৰি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘ৰাজ্যত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত ৩২ লাখ মহিলাক ১০ হাজাৰ টকাৰ প্ৰথম কিস্তিৰ ধন প্ৰদান কৰিছো। বিভিন্ন সভা-সমিতিত দেখিছিলো, কিছুমান জেনুইন হিতাধিকাৰী বাদ পৰিছিল।”
“আজি কেবিনেটে ৩২ লাখৰ সংখ্যাটো বঢ়াই নতুন ১ লাখ ৩ হাজাৰ ৫০০ হিতাধিকাৰীক অনুমোদন জনায়। ইয়াৰ ফলত যিসকল মহিলাই এই ধন পাব লাগিছিল, কিবা কাৰাণত বঞ্চিত হৈ আছিল, তেওঁলোকে এই ধন পোৱাৰ পথ প্ৰশস্ত হ’ল।’’