এয়া যে ফাগুন। ফাগুন মানেই যেন উন্মনা।ফাগুন মানেই যেন পলাশ- মদাৰ -শিমলু বতৰ, তেজ ৰঙা ফুল, গছ বিৰিখবোৰ লঠঙা হোৱাৰ সময়। ফাগুন মানেই যেন গছ বিৰিখবোৰ লঙঠা হোৱাৰ সময়। এয়া সময় যেন প্ৰকতিৰ সেউজীয়া ৰং গুচি ৰঙচুৱা হোৱাৰ বতৰ।
এই ফাগুনতেই পলাশ-মদাৰ-শিমলু ফুলৰ সৈতে প্ৰেমত পৰে শালিকা-মৌপিয়া চৰাই। লঠঙা গছৰ ডালত পৰি চৰাইবোৰে গীত জোৰে । এই উন্মনা ফাগুনৰ পলাশ -মদাৰ-শিমলু ফুলৰ সৌন্দৰ্যকলৈ সৃষ্টি হয় গীত কবিতা গল্প ইত্যাদি। ফাগুনৰ নীৰৱে বলা পচোৱা বতাহৰ সুবাস লৈ নৈ পাৰত যুৱক যুৱতীৰ প্ৰেম হয়। ফাগুনৰ ধূলিয়ৰি বতাহত উৰি ফুৰা সেউজীয়া গছ বিৰিখৰ তলসৰা শুকান পাতে লঙঠা গছজোপাক এৰি যাব নিবিচাৰি সাবোচ মাৰি ধৰে। শুকান পাতৰ আস্বাদনে পথচাৰীক কৰি তোলে উন্মনা।
ক’বলৈ গ’লে মন প্ৰাণ উতনুৱা কৰা ফাগুনৰ তপত ৰ’দে ধূৱলি কূঁৱলি কৰি তোলে উদং পথাৰ। শীতৰ সেমেকা পুৱাৰ কুঁৱলীবোৰ লাহে লাহে আঁতৰাই ফাগুনে আনে প্ৰেমৰ আস্বাদন আৰু ৰং সৌন্দৰ্যৰ বতৰা। পলাশ -মদাৰ-শিমলুৰ তেজৰঙা ৰঙীণ দৃশ্যই খলকনি তোলা ফাগুন যেন এক অনন্য মাহ। ফাগুন তোমাক শত স্বাগতম।