Share and Enjoy !

Shares

শুকুৰবাৰে পুৱাই সোণাপুৰস্থিত জুবিন গাৰ্গ সমাধি ক্ষেত্ৰ পৰিদৰ্শন কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম শয়নস্থলীত উপস্থিত হৈ জুবিনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে কিছু সময় তেওঁ জুবিনৰ সমাধিক্ষেত্ৰত কটায়। তেওঁ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে অসমৰ সাংস্কৃতিক জগতত জুবিন গাৰ্গৰ অৱদানৰ শলাগ লয় ।প্ৰিয়ংকা গান্ধীক সেই সময়ত সংগ দিয়ে গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়াই।।

সোণাপুৰত থকা জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি সংবাদমাধ্যমৰ আগত তেওঁ কয়,”জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হ’ল আমি যিসকল অসমৰ নহয়, আমি দেখিলোঁ যে অসমৰ ৰাইজে তেওঁক কিমান ভাল পায়, কিদৰে শ্ৰদ্ধা কৰে । প্ৰতিটো পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ চকুতে চকুপানী । আমি সংবাদমাধ্যম, সামাজিক মাধ্যমত বাহিৰৰ পৰা যি দেখি আছিলোঁ আমি বুজিবলৈ চেষ্টা কৰিছিলোঁ যে কিয় এই অনুভৱ, কিয় এই আবেগ ?”

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়,”মই আমাৰ কাৰ্যকৰ্তাসকলক কৈছোঁ যে, জুবিন গাৰ্গ একপ্ৰকাৰে অসমৰ আত্মাৰ কণ্ঠ আছিল, অসমৰ অভিব্যক্তি আছিল । অসমৰ যি সভ্যতা তাৰ বিষয়ে জুবিন গাৰ্গে গাইছিল । তেওঁৰ যিসমূহ গীত আছিল এটাও গানত এইটো নাছিল যে তেওঁক হিংসা কৰক, এও তোমাৰ শত্ৰু, ইয়াক মাৰ । প্ৰত্যেকটো গীতত এইটোৱেই উল্লেখ কৰিছিল যে প্ৰেম, একতা, অসমৰ ঐতিহ্য, অসমৰ সংস্কৃতি, অসমৰ সভ্যতা, অসম কি হয় ।”

প্ৰিয়ংকা গান্ধীয়ে কয়,”আজি পুৱা যেতিয়া মই গৈছিলোঁ, সঁচাকৈয়ে মোৰ বাবেও এক আৱেগিক মুহূৰ্ত আছিল । পূৰ্বতে জুবিন গাৰ্গৰ বিষয়ে মই বহুত জনা নাছিলোঁ । কিন্তু যেতিয়া মই তালৈ গৈছিলোঁ, তেতিয়া দেখিলোঁ তেওঁ যি যি ভাল পাইছিল সকলো সামগ্ৰী তাত দি থোৱা আছে । এই স্থান এক পবিত্ৰ স্থান হ’ব লাগে ।”

Leave a Reply

Your email address will not be published. Required fields are marked *