ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ ৷ সমগ্ৰ ৰাজ্যতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সষ্টম ৰাজ্যৰ প্ৰশাসন।
অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান। আৰক্ষী-প্ৰশাসন যিমানে সষ্টম হৈছে সিমানে বাঢ়ি গৈছে অপৰাধীৰ সংখ্যা। একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত এতিয়াও চলাই আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়।
ৰাজ্য চৰকাৰে পশুধনৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ(Cattle Smuggling)।
অবৈধ গৰু সৰবৰাহ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী। ৰাজ্যত বিভিন্ন স্থানত দিনে নিশাই চলাই আছে অভিযান। বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্য়ে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰী।
বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত জব্দ অবৈধ ভাৱে গৰু কঢ়িয়াই লৈ যোৱা ছয়চকীয়া ট্ৰাক।
ধুবুৰী জিলাৰ পৰা উত্তৰ শালমাৰা অভিমুখে গৈ থকা AS25FC 4396 নম্বৰৰ ছয়চকীয়া ট্ৰাকেৰে অবৈধভাৱে গৰু কঢ়িয়াই আহি থকা অৱস্থাত স্থানীয় লোকক খুন্দিয়াই পলায়ন কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে ৰাইজে আৱদ্ধ কৰে।জব্দকৃত বাহনখনৰ পৰা ১৬ টা গো-ধন উদ্ধাৰ কৰে।।
সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী অৱগত হৈ ঘটনাস্থলীত উপস্থিত হৈ অভয়াপুৰী আৰক্ষী থানালৈ লৈ আনে জব্দকৃত বাহনসহ গো-ধন।
জিলাখনত অবৈধ গৰু সৰবৰাহ হৈ থকাৰ অভিযোগ দীৰ্ঘদিনীয়া।