প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ দেহাৱসান। ৯৭ বছৰ বয়সত দেহাৱসান ঘটে যশস্বী সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ । আজি পুৱা ৭.৩৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে যশস্বী সাংবাদিকগৰাকী।
ইংৰাজীকে ধৰি কেইবাখনো আগশাৰীৰ বাতৰি কাকতৰ সম্পাদক আছিল যশস্বী সাংবাদিকগৰাকী। সাপ্তাহিক প্ৰাগজ্যোতিষ কাকতৰ মুখ্য সম্পাদকৰ দায়িত্ব আছিল ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী। তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ লৈছিল সাংবাদিকগৰাকীয়ে।
উল্লেখ্য যে, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক, সন্মিলনৰ প্ৰাক্তন সভাপতি আছিল ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী। ৰাজ্যৰ আটাইতকৈ বয়োজ্যেষ্ঠ কৰ্মৰত সম্পাদক আছিল ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী। প্ৰবীণ সাংবাদিকগৰাকীৰ অবৰ্তমানত অসমৰ সংবাদজগতৰ অপূৰণীয় ক্ষতি৷