Share and Enjoy !

Shares

পবিত্ৰ ৰমজান মাহত নিশা ধিঙৰ খৈৰামাৰীত প্ৰচণ্ড মাৰপিটৰ ঘটনা ।

মছজিদত নামাজ পঢ়ি থকা অৱস্থাত এজন যুৱকে আন এজন যুৱকক চিকূটাৰ বাবেই সংঘটিত হয় লংকাকাণ্ড ।

নামাজ শেষ কৰি ঘৰলৈ গৈ থকা অৱস্থাত দুই যুৱকৰ পৰিয়ালে হাতে হাতে দা আৰু লাখুটি লৈ মাৰপিত কৰাৰ অভিযোগ।

মাৰপিটত দুয়োপক্ষৰ মহিলাসহ ৬ জন লোক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়।

আটাইকেইজনক ধিং এফ আৰ ইউত ভৰ্তি কৰে যদিও চাৰিজনৰ অৱস্থা সংকটজনক হোৱাত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে

আঘাতপ্ৰাপ্ত কেইজনৰ নাম মেৰাজুল ইছলাম, ৰফিকুল ইছলাম, মানিকুল ইছলাম, আনোৱাৰা বেগম,ছাকিব হাচান আৰু নুৰ আলম হাছান।বুলি জানিব পৰা গৈছে।

বৰ্তমান ঘটনা সন্দৰ্ভত ধিং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *