Share and Enjoy !

Shares

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী প্ৰতিক্ৰিয়া প্ৰকাশ।

মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সংবাদ মাধ্যমৰ সন্মুখত কয়- প্ৰিয়ংকা গান্ধী ৰাজনৈতিক কামতহে অসমলৈ আহিছিল। ৰাজনৈতিক কামত আহিলে মানুহে সুযোগ লৈ জুবিনক্ষেত্ৰলৈ যাব নাপায়। আমাৰ দলৰ নেতা সকল নিৰ্বাচনৰ পাছত হে যাব জুবিনক্ষেত্ৰত।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, মই আকৌ মুখ্যমন্ত্ৰী হ’লেহে যাম জুবিনক্ষেত্ৰত। আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ। কংগ্ৰেছে মুকলিকৈ কৰিছে জুবিনক লৈ ৰাজনীতি। প্ৰিয়ংকা গান্ধী ৮৬০গৰাকী শ্বহীদৰ ক্ষেত্ৰত কিয় নগ’ল? লগতে প্ৰিয়ংকা গান্ধীয়ে বৰদোৱাত কিয় ন’গল ?

Leave a Reply

Your email address will not be published. Required fields are marked *