Share and Enjoy !

Shares

ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ নিচেই কাষতে থকা পাটামাৰী অঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড।

পাটামাৰী অঞ্চলৰ বজাৰৰ তিনিখনকৈ দোকানত ভয়ংকৰ অগ্নিকাণ্ড

কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰে দোকান তিনিকেইখনত

ফলত জ্বলি ভস্মীভূত হয় দোকান তিনিখন

জ্বলি ভস্মীভূত হয় সীমান্তৱৰ্তী অঞ্চলটোত থকা সমেৰ আলী আৰু ছাদ্দাম হুছেইন নামৰ লোক দুজনৰ কাপোৰৰ দোকান

ইপিনে এই অগ্নিকাণ্ডত ইউছুফা খাতুন নামৰ মহিলা এগৰাকীৰ গেলামালৰ দোকানো ভস্মীভূত হয়।

উক্ত অগ্নিসংযোগৰ ফলত প্ৰায় ৩০ লাখ টকাৰ সা-সম্পত্তি ধ্বংস হয়।কোনো দুস্কৃতিকাৰীয়ে উদ্যেশ্য প্ৰণোদিত ভাৱে তিনিখনকৈ দোকানত এই অগ্নিসংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ধুবুৰীৰ এএমকো ৰোড আৰক্ষী চকীত এজাহাৰ দাখিল ভূক্তভোগী লোক কেইগৰাকীয়ে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *