আজি বিশিষ্ট বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য অকাডেমীৰ বড়ো উপদেষ্টা সমিতিৰ আহ্বায়ক, লেখক-সাহিত্যিক তৰেণ বড়োৰ আদ্যশ্রাদ্ধ।
আজি তৰেণ বড়োৰ আত্মাৰ চিৰশান্তি আৰু সদগতি কামনার্থে পৰিয়ালৰ লোকে গুৱাহাটীস্থিত খাৰঘুলি ৰাজহুৱা খেলপথাৰ প্রাঙ্গণত (লালসিং হাইস্কুলৰ সমীপত) আদ্যশ্রাদ্ধৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে। এই শ্রাদ্ধানুষ্ঠানৰ লগতে সংগতি ৰাখি এখনি ‘স্মৃতিচাৰণ সভা’ৰ লগতে এখনি ‘স্মৃতিগ্রন্থ’ উন্মোচন কৰা হব বুলি জানিব পৰা গৈছে। এই অনুষ্ঠানচ বড়োৰ সাহিত্যানুৰাগীক লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।
১৪ ফেব্ৰুৱাৰীত শেষ নিশ্বাস ত্যাগ কৰিছিল সাহিত্যিকগৰাকীয়ে।