Share and Enjoy !

Shares

যোৰহাটৰ পুলিবৰত ভয়ংকৰ পথ দুৰ্ঘটনা। পুলিবৰ থানা আৰু দহোটিয়া সংযোগী ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো

কাজিৰঙা ইউনিভাৰচিটিৰ উদণ্ড ছাত্ৰৰ বিলাসী ছাফাৰী বাহনৰ খুন্দাত নিহত।এজন লোক।

জানিব পৰা অনুসৰি, পুৱা সুতাৰ গাঁৱৰ নিজ ঘৰৰ পৰা দুলাল চন্দ্ৰ বৰুৱা আৰু এজন পৰিয়ালৰ লোক নুকুল শইকীয়া যোৰহাটলৈ নিজা বুলেট মটৰ চাইকেলেৰে আহি থকা অৱস্থাত পুলিবৰ থানা আৰু দহোটিয়া সংযোগী ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত যোৰহাট দিশৰ পৰা আহি থকা ছাফাৰী বাহন খনে প্ৰচণ্ড যোৰে খুন্দা মাৰে।ফলত থিতাতে নিহত হয় দুলাল চন্দ্ৰ বৰুৱা নামৰ লোকজন।।লগতে নুকুল শইকীয়া নামৰ আন এজনক সংকটজনক অৱস্থাত যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

ইফালে ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত পুলিবৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ বাহনসহ কাজিৰঙাৰ ইউনিভাৰচিটিৰ ছাত্ৰজনক আটক কৰে। ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *