প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ ক্ষিপ্ৰ কৰাৰ লক্ষ্যৰে বিশেষ ফাষ্টট্ৰেক আদালত গঠন জুবিন গাৰ্গৰ ন্যায়ৰ তদন্ত সন্দৰ্ভত বৃহস্পতিবাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে জুবিন গাৰ্গৰ ন্যায়ৰ তদন্তৰ বাবে ফাষ্টট্ৰেক আদালত গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ কেবিনেটত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ফাষ্টট্ৰেক আদালতৰ কাম-কাজ পৰিচালনা কৰিব।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “বৰ্তমানৰ ন্যায়াধীশগৰাকীৰ ওচৰত গোচৰটো থাকিলে বিষয়টো সুৰক্ষিত হৈ থাকিব বুলি অনুমান কৰিছিলোঁ।।কিন্তু পৰিয়ালক কথা দি থোৱা অনুসৰি আৰু পৰিয়ালৰ অনুৰোধ মৰ্মে ফাষ্টট্ৰেক আদালত গঠন কৰিছোঁ।”