Share and Enjoy !

Shares

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে চার্জশ্বীট দাখিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ।

আদালতত দাখিল কৰা হয় প্ৰায় ১০০০ পৃষ্ঠাৰ অভিযোগনামা

মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তদন্ত চলাই লাভ কৰিছে ভয়ংকৰ তথ্য। ১০০০ পৃষ্ঠাৰ চাৰ্জশ্বীটৰ পৃষ্ঠাই পৃষ্ঠাই সন্নিৱিষ্ট হৈছে চাঞ্চল্যকৰ তথ্য।

জুবিন গাৰ্গক লুণ্ঠন চলাই দেহৰক্ষী দুটাই নিজৰ বাবে আহৰণ কৰিছিল ধন-সম্পত্তি। আয়তকৈ কেইবাগুণে বৃদ্ধি দুই PSOৰ সম্পত্তিৰ পৰিমাণ। নন্দেশ্বৰ বৰাৰ ৪০% আৰু পৰেশ বৈশ্যৰ ৩৩% পৰ্যন্ত বৃদ্ধি পাইছিল সম্পত্তিৰ পৰিমাণ।
আয় বহিৰ্ভূত সম্পত্তিৰ অভিযোগত দুয়োৰে বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। সম্প্ৰতি বাক্সাৰ কাৰাগাৰত বন্দী হৈ আছে নন্দেশ্বৰ আৰু পৰেশ।

Leave a Reply

Your email address will not be published. Required fields are marked *