Share and Enjoy !

Shares

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ।ওড়িশাত ৰহস্যজনকভাৱে মৃত্যু মৰিগাঁৱৰ যুৱ চিকিৎসকৰ

প্ৰাপ্ত খবৰ অনুসৰি, মৰিগাঁৱৰ সুসন্তান ৰোহন কাকতিয়ে গুৱাহাটীৰ এখন আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা ফিজিঅ’থেৰাপী বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। মেধাৱী ৰোহনে ওড়িশাৰ কটক চহৰৰ এখন আৱাসিক ফিজিঅ’থেৰাপী কেন্দ্ৰত চিকিৎসক হিচাপে কৰ্মৰত হৈ নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল। শেহতীয়াকৈ ঘৰলৈ আহি যোৱা ২৫ ফেব্ৰুৱাৰীত তেওঁ পুনৰ বিমানযোগে কৰ্মস্থলীলৈ উভতি গৈছিল। কিন্তু কোনে জানিছিল, এয়াই হ’ব তেওঁৰ জীৱনৰ শেষ যাত্ৰা।

২৬ ফেব্ৰুৱাৰীত হঠাতে এক শোকাকুল খবৰ আহে ৰোহনৰ গৃহভূমিলৈ। কটকৰ কৰ্মস্থলীত বিল্ডিঙৰ পৰা পৰি ৰোহনৰ মৃত্যু হোৱা বুলি খবৰ পোৱাৰ পিছতে ভাগি পৰে পৰিয়ালৰ লোক। খবৰ পোৱা মাত্ৰকেই পিতৃসহ পৰিয়ালৰ একাংশ লোক কটকৰ ‘কবিতা এপাৰ্টমেণ্ট’ত উপস্থিত হয়। কিন্তু ঘটনাস্থলীৰ পৰিৱেশ আৰু ৰোহনৰ মৃতদেহ প্ৰত্যক্ষ কৰি এয়া কেৱল দুৰ্ঘটনা বুলি মানি ল’বলৈ মান্তি হোৱা নাই পৰিয়ালৰ লোক। তেওঁলোকৰ গুৰুতৰ অভিযোগ এয়া এক পৰিকল্পিত হত্যাকাণ্ড।

পুত্ৰৰ এনে ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি ইতিমধ্যে ওড়িশা আৰক্ষীৰ লগতে মৰিগাঁও সদৰ থানাতো পৰিয়ালে এখন এজাহাৰ দাখিল কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *