গুৱাহাটী বিশ্ববিদ্যালয় সপ্তাহ ২০২৬ৰ আজি অন্তিমটো দিন।
অন্তিমটো দিনত বিশ্ববিদ্যালয় প্ৰাংগনত বাহিৰ কৰা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্রা।
বাৰেৰহণীয়া সংস্কৃতিৰ প্ৰতিফলনেৰে বিশ্ববিদ্যালয়ৰ ২৫ টা বিভাগ আৰু ১৮ টাকৈ আবাস-নিবাসে অংশগ্ৰহণ কৰে এই শোভাযাত্রাত।
সহস্ৰাধিক শিক্ষাৰ্থীয়ে অংশগ্রহণ কৰা এই শোভাযাত্রাই নান্দনিক কৰি তোলে বিশ্ববিদ্যালয় প্ৰাংগন।
সাংস্কৃতিক শোভাযাত্রা মুকলি অনুষ্ঠানত উপস্থিত থাকে কন্ঠশিল্পী দীপান্বিতা ডেকা, অভিনেত্ৰী কল্পনা কলিতা, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, DSW ৰঞ্জন কুমাৰ কাকতি।
বিচাৰক হিচাপে উপস্থিত থাকে সংগীত নাটক একাডেমীৰ উত্তৰ-পূব আঞ্চলিক কেন্দ্ৰৰ সঞ্চালক অৰূপ বৰদলৈ, বিশ্ববিদ্যালয়ৰ প্ৰাক্তন DSW ৰাধাচৰণ ৰাভাসহ আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।
উল্লেখ্য যে, আজি সন্ধিয়াৰ ভাগত অনুষ্ঠিত হ’ব বিশ্ববিদ্যালয় সপ্তাহৰ বঁটা বিতৰণী অনুষ্ঠান।
বঁটা বিতৰণীৰ পাছতেই অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠানৰ গীত পৰিবেশন কৰিব জনপ্ৰিয় কন্ঠশিল্পী দিক্ষুৱে