গেলেকীত ৰাইজৰ দলৰ বুথ সন্মিলন।
দূলাকাষৰীয়াৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাইজৰ দলৰ আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই সন্মিলনৰ।
সমাগত বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা কৰা হয় বুথ কৰ্মীসকলৰ মাজত।অনুষ্ঠানটিত উপস্থিত আছিল ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক চাহজাহান আলী বড়া সহ ভালেকেইজন ৰাইজৰ দলৰ বিষয়ববীয়া।
শিৱসাগৰ সমষ্টিৰ পৰাই অখিল গগৈয়ে প্ৰতিনিধিত্ব আগবঢ়াব বুলি মন্তব্য প্ৰকাশ চাহজাহান আলীৰ।লগতে অখিল গগৈ অপ্ৰতিৰোধ বুলিও মন্তব্য কৰে ৰাইজৰ দলৰ প্ৰতিনিধি জনে।এই অনুষ্ঠানতে কেইবাজনো স্থানীয় লোকে ৰাইজৰ দলত যোগদান কৰে।বুথ সন্মিলনত বহু পুৰুষ মহিলাই অংশগ্ৰহণ কৰে এই বুথ সন্মিলনত ।