মৰিগাঁওত মুখ্যমন্ত্ৰীৰ সন্মুখতেই বিধায়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।
ৰমাকান্ত দেউৰী মুৰ্দাবাদ।ৰমাকান্ত Go back ধ্বনিৰে কঁপিল জন আশীৰ্বাদ যাত্ৰা।
জনতাৰ ক্ষোভ। “ৰমাকান্ত দেউৰী আমাক নালাগে, আমাক লাগে নতুন মুখ লাগে”
হিমন্ত বিশ্ব শৰ্মাৰ কাষতে বিধায়কৰ বিৰুদ্ধাচৰণ ক্ষুব্ধ ভোটাৰৰ।
নিৰ্বাচনৰ পূৰ্বেই মৰিগাঁওত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহৰ ইংগিত?
মৰিগাঁওত এক অপ্ৰত্যাশিত পৰিস্থিতি! মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিতেই নিজ দলৰ বিধায়কৰ বিৰুদ্ধে সৰৱ হৈ উঠিল হাজাৰ হাজাৰ জনতা। জন আশীৰ্বাদ যাত্ৰাৰ উখল-মাখল পৰিৱেশৰ মাজতেই বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে লাগিল ‘মুৰ্দাবাদ’ ধ্বনি।।
মৰিগাঁওৰ ৰাজপথত তেতিয়া হাজাৰ হাজাৰ লোকৰ ভিৰ। লক্ষ্য— মুখ্যমন্ত্ৰীৰ ‘জন আশীৰ্বাদ যাত্ৰা’। মুখ্যমন্ত্ৰীৰ বাহনত তেওঁৰ একেবাৰে কাষতেই আছিল মৰিগাঁওৰ বিধায়ক ৰমাকান্ত দেউৰী। কিন্তু যাত্ৰা আগবঢ়াৰ লগে লগে পৰিৱেশ সলনি হৈ পৰে। জনতাৰ আশীৰ্বাদ ল’বলৈ যোৱা বিধায়কজনে মুখামুখি হ’ল তীব্ৰ গৰিহণাৰ।
একাংশ অতিষ্ঠ ৰাইজে মুখ্যমন্ত্ৰীৰ সন্মুখতেই চিঞৰি চিঞৰি ক’লে— ‘ৰমাকান্ত দেউৰী মুৰ্দাবাদ’। ৰাইজৰ স্পষ্ট দাবী, তেওঁলোকক এইবাৰ পুৰণি মুখ নালাগে। উন্নয়নৰ নামত স্থবিৰতা অহাৰ অভিযোগ তুলি একাংশই বিচাৰিলে নতুন প্ৰাৰ্থী।
মুখ্যমন্ত্ৰীৰ দৰে হাইপ্ৰফাইল নেতাৰ কাষত থাকিও এনেদৰে ৰাজহুৱা ৰোষত পৰা ঘটনাই এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে। ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিছে যে মৰিগাঁওত বিধায়কগৰাকীৰ বিৰুদ্ধে এক বৃহৎ বিৰোধী ঢৌৰ সৃষ্টি হৈছে। এতিয়া প্ৰশ্ন হয়, ৰাইজৰ এই ‘মুৰ্দাবাদ’ ধ্বনিয়ে আগন্তুক নিৰ্বাচনত ৰমাকান্ত দেউৰীৰ ৰাজনৈতিক ভৱিষ্যতত কি প্ৰভাৱ পেলাব?