বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিনা মাজনিশা বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত পুৰণিগুদাম গাঁৱত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিলে বঢ়মপুৰ সমষ্টিৰ দ্বিতীয়খন মামা বজাৰ।
বিধায়ক জিতু গোস্বামীৰ তৎপৰতা মহিলা সকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে আৰম্ভ কৰা মামা বজাৰ খন উদ্বোধন কৰি পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰাল খেলপথাৰত অনুষ্ঠিত জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিনাৰ সামৰণি সভাত ভাগ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সভাত উপস্থিত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, বিধায়ক জিতু গোস্বামী, ৰূপক শৰ্মা, দিপ্লু ৰঞ্জন শৰ্মা আদি। মাজনিশা ১২-৩০ বজাত অনুষ্ঠিত সভাখনত হাজাৰ হাজাৰ লোক উপস্থিত থাকে।
মুখ্যমন্ত্ৰী গৰাকীৰ বঢ়মপুৰ সমষ্টিত পদাৰ্পন কৰা লগে লগে দুপৰ নিশা পৰ্যন্ত মুখ্যমন্ত্ৰী ওচৰৰ পৰা লগ পাবলৈ উৰিয়া গাঁও, গোমোঠা গাঁও, আউনীআটী,কাষৰি গাওঁ ,ন- আলিমূৰ আদি শত সহস্ৰ জনে ভিৰ কৰাও পৰিলক্ষিত হ’ল।