আজিৰে পৰা ৰঙৰ উৎসৱ হোলী! আবিৰৰ ৰঙেৰে ৰঙীন সকলো । ৰঙৰ উৎসৱ হোলীৰ উচাহত মতলিয়া সমগ্ৰ দেশ।হোলীগীতৰ ধ্বনিৰে মুখৰিত হৈছে বৰপেটা, বটদ্রৱা, মাজুলীৰ সত্র সমূহ।
বৈষ্ণৱ ধৰ্মীয় বিশ্বাস অনুসৰি, ভগৱান শ্ৰীকৃষ্ণে বৃন্দাৱনত গোপীসকলৰ সৈতে ৰং খেলিছিল। সেই ঐতিহ্য আৰু স্মৃতিক সন্মান জনাই দেশজুৰি পালন কৰা হয় ফাকুৱা বা হোলী। অসমতো এই উৎসৱ বৈষ্ণৱ ধৰ্মীয় চেতনাৰ সৈতে গভীৰভাৱে জড়িত।
শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে প্ৰতিষ্ঠা কৰা এক-শৰণ-নাম ধৰ্মই অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত বিশেষ প্ৰভাৱ পেলাইছে। ফাকুৱা উপলক্ষে ৰাজ্যজুৰি নামঘৰ আৰু সত্ৰসমূহত কীৰ্তন, নাম-প্ৰসঙ্গ আৰু ভাওনা আয়োজন কৰা হয়।জাতি, ধৰ্ম আৰু বৰ্ণ নির্বিশেষে অসমৰ সকলো শ্ৰেণীৰ লোকে এই উৎসৱ একেলগে পালন কৰে। গাঁও-চহৰ সকলো ঠাইতে সকলোৱে ৰং খেলি, ভক্তিমূলক গীত গাই আৰু আনন্দ-উল্লাস কৰে। অসমৰ বিভিন্ন অঞ্চলত স্থানীয় ৰীতি-নীতি অনুসৰি ফাকুৱা উদযাপন কৰাৰ এক সমৃদ্ধ পৰম্পৰা দেখা যায়।