আজিৰে পৰা আৰম্ভ ৰঙৰ উৎসৱ ফাকুৱা। আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ চৌদিশ। উত্তৰ উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত পাঁচ দিনীয়াকৈ উদযাপন কৰা হৈছে দৌল মহোৎসৱ। গুৱাহাটী দৌল গোবিন্দ মন্দিৰৰ পাঁচদিনীয়া দৌল উৎসৱৰ আজি মহাপূজা দিনৰ চাৰে ১২ বজাত আৰম্ভ হ’ব প্ৰভুক ফাকু দিয়া পৰ্ব।
ভাগৱত পাঠ, নাম প্ৰসংগৰে প্ৰভু বন্দনাত মুখৰ হ’ল মহা প্ৰভু দৌল গোবিন্দ মন্দিৰ ।দিনৰ ১২:৩০ বজাত প্ৰভুক প্ৰথম বাৰলৈ ফাকু দিয়া পৰ্ব আৰম্ভ হ’ব । ইফালে চন্দ্ৰ গ্ৰহনৰ বাবে দিনৰ ৩ বজাৰ পাৰা সন্ধিয়া ৭বজালৈ প্ৰভুৰ দুৱাৰ বন্ধ থাকিব ।লক্ষাধিক ভক্তক আদৰিবলৈ চাহ জলপান, দুপৰীয়াৰ আহাৰৰ ব্যবস্থা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে।