Share and Enjoy !

Shares

অব্যাহত আছে পৰ্বতঝোৰা অঞ্চলত চোৰাং গৰু সৰবৰাহ চক্ৰ। সোমবাৰে নিশা আৰক্ষীৰ অভিযান। ৰূপচী আৰক্ষীৰ অভিযানত চাৰিটা চোৰাং গৰুসহ এখন বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য অনুসৰি, চোৰাং গৰু ভৰ্তি কৰি সৰবৰাহ কৰা বাহনখন ৰূপচী বিমানবন্দৰ টাৰ্ণিংত আটক কৰে আৰক্ষীয়ে। জব্দ কৰা বাহনখনৰ নম্বৰ AS-01-BB-4856 বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

গোঁসাইগাঁওৰ পৰা গৌৰীপুৰ অভিমুখে চোৰাং গৰুখিনি সৰবৰাহ কৰা হৈছিল বুলি আৰক্ষীয়ে অনুমান কৰিছে। কিন্তু আৰক্ষীৰ উপস্থিতিৰ উমান পাই আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি চোৰাং সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয়। ইফালে, ৰূপচী আৰক্ষীয়ে চোৰাং গৰু চাৰিটা আৰু বাহনখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে। ঘটনাৰ সৈতে জড়িত চক্ৰটোক আটক কৰাৰ বাবে আৰক্ষীয়ে ব্যাপক অনুসন্ধান আৰম্ভ কৰিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *