Share and Enjoy !

Shares

সামাজিক মাধ্যমত অখিল গগৈৰ বিশেষ পষ্ট। কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা সন্দৰ্ভত অসহায় হৈ ৰাইজৰ পৰা পৰামৰ্শ বিচাৰি সামাজিক মাধ্যমত পষ্ট শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ

সামাজিক মাধ্যমত অখিল গগৈয়ে লিখিছে- “আমাৰ শত্ৰু পক্ষই এফালৰ পৰা ধুমুহাৰ গতিত নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে; আমি নিষ্কৰ্মা হৈ পৰি ৰৈছোঁ। কংগ্ৰেছে মিত্ৰ পক্ষৰ সৈতে আসন ভাগ বিতৰণ নকৰাৰ বাবে আমি কাৰ্যতঃ অসাৰ হৈছোঁ। আমি কি কৰা উচিত?”

উল্লেখযোগ্য যে, কংগ্ৰেছ দলৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা সন্দৰ্ভত এই পৰ্যন্ত হোৱা নাই কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত। যাৰবাবে অখিল গগৈৰ এই বিশেষ পষ্টটোৱে লাভ কৰিছে ব্যাপক চৰ্চা।

Leave a Reply

Your email address will not be published. Required fields are marked *