Share and Enjoy !

Shares

বটদ্ৰৱা আবিৰ্ভাৱ ক্ষেত্ৰত প্ৰৱেশত নতুন নিৰ্দেশনা জাৰি । বটদ্ৰৱা আবিৰ্ভাৱ ক্ষেত্ৰত এতিয়াৰে পৰা যিকোনো সাজ পৰিধান কৰি প্ৰৱেশ কৰিব নোৱাৰিব ভকত-বৈষ্ণৱৰ লগতে দৰ্শনাৰ্থী ।

মঙলবাৰে বটদ্ৰৱা থানত উপস্থিত হৈ এই নতুন নিৰ্দেশনাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।আজি দৌলোৎসৱৰ মাজতে বটদ্ৰৱাত গুৰুজনাৰ আশিস গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে গুৰুজনাক প্ৰণাম জনাই ভাগৱতত সেৱা কৰে । বটদ্ৰৱা থানত সেৱা জনাই অসমবাসীৰ মংগল কামনা কৰে মুখ্যমন্ত্ৰীয়ে ।

থানত সেৱা জনোৱাৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই বটদ্ৰৱা আবিৰ্ভাৱ ক্ষেত্ৰৰ নতুন নীতি-নিৰ্দেশনাৰ কথা উল্লেখ কৰে। এতিয়াৰ পৰা বটদ্ৰৱা প্ৰকল্পত জাতীয় সাজ পৰিধান নকৰাকৈ কোনো ব্যক্তি প্ৰৱেশ কৰিব নোৱাৰিব । বিগত সময়ত বিভিন্ন সাজ পৰিধান কৰি বহু লোক প্ৰৱেশ কৰিছিল বুলিও উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “বটদ্ৰৱা থানৰ পৱিত্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি জাতীয় সাজ পৰিধান বাধ্যতামূলক কৰাৰ চিন্তা কৰা হৈছে । অৱশ্যে ১২ বছৰ তলৰ শিশুৰ বাবে প্ৰযোজ্য নহ’ব এই নিৰ্দেশনা ।”

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *