আজি বাজপেয়ী ভৱনত বিজেপিৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব।
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এই বৈঠক।
সাংগঠনিক বৈঠকৰ পাছত অনুষ্ঠিত হ’ব নিৰ্বাচনৰ প্ৰস্তুতি বৈঠক।
লগতে বিয়লি ৪ বজাত হ’ব NDAৰ বিধায়িনী দলৰে গুৰুত্বপূৰ্ণ বৈঠক।
UPPLকো NDAৰ বিধায়িনী দলৰ বৈঠকলৈ আমন্ত্রণ বিজেপিৰ।
সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব বিজেপিৰ বিধায়িনী দলৰে গুৰুত্বপূৰ্ণ বৈঠক।
নিশা ৯ বজাত হ’ব ৰাজ্যিক নির্বাচন সমিতিৰ বৈঠক।
নিৰ্বাচন সমিতিৰ বৈঠকৰ পূৰ্বে অগপৰ সৈতে হ’ব বিশেষ আলোচনা।