Share and Enjoy !

Shares

আজিৰে পৰা ৰঙৰ উৎসৱ হোলী! আবিৰৰ ৰঙেৰে ৰঙীন সকলো । ৰঙৰ উৎসৱ হোলীৰ উচাহত মতলিয়া সমগ্ৰ দেশ।হোলীগীতৰ ধ্বনিৰে মুখৰিত হৈছে বৰপেটা, বটদ্রৱা, মাজুলীৰ সত্র সমূহ।

দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ত যেনে বৰপেটা, বটদ্ৰৱা আৰু মাজুলী ইত্যাদিত আৰম্ভ হৈছে দৌল যাত্ৰাৰ উলাহ। কিয়নো আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে চৌদিশ। জামুগুৰিহাটৰ নবিল গাঁৱত উদযাপন কৰে ৰঙৰ উৎসৱ ফাকুৱা৷

অবিৰৰ ৰঙেৰে ৰঙীণ হৈ পৰিল গাঁওখনৰ ৰাইজ তথা পুৰুষ মহিলা যুৱক-যুৱতীসকল ।এই ফাকুৱা উপলক্ষে ধৰ্মীয় পৰম্পৰা অনুযায়ী গোঁসাই ফুৰোৱা হয়৷ এই পৰম্পৰাৰে ভকত -বৈষ্ণৱ সকলে গোঁসাইক কান্ধত তুলি নি প্ৰতিখন গৃহস্তৰ পদূলি মুখ পোৱাৰ মাত্ৰকে গৃহস্থই শৰাই আগবঢ়াই আশীৰ্বাদ নিৰ্মালী গ্ৰহণ কৰে আৰু শিৰত ফাকুগুৰি সানি আশীৰ্বাদ প্ৰদান কৰে।এই গোসাঁই ফুৰোৱাৰ মাজতে গাওঁখনৰ ৰাইজে ইজনে সিজনক অবিৰৰ ৰং সানি আনন্দত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *