Share and Enjoy !

Shares

আজিৰে পৰা ৰঙৰ উৎসৱ হোলী! আবিৰৰ ৰঙেৰে ৰঙীন সকলো । ৰঙৰ উৎসৱ হোলীৰ উচাহত মতলিয়া সমগ্ৰ দেশ।হোলীগীতৰ ধ্বনিৰে মুখৰিত হৈছে বৰপেটা, বটদ্রৱা, মাজুলীৰ সত্র সমূহ।

দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ত যেনে বৰপেটা, বটদ্ৰৱা আৰু মাজুলী ইত্যাদিত আৰম্ভ হৈছে দৌল যাত্ৰাৰ উলাহ। কিয়নো আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে চৌদিশ।

বটদ্রৱা ধামত পৰম্পৰাগত ৰীতি-নীতিৰে চলি থকা দৌল উৎসৱৰ বুধবাৰৰ কাৰ্যসূচীৰ তৃতীয় দিনা থানৰ নিত্য-নৈমিত্তিক চৈধ্য প্রসঙ্গৰ উপৰিও গোসাঁই ফুৰোৱা উৎসৱ উদযাপন কৰা হয়।

বিয়লি গায়ন-বায়নে গুৰুঘাট, চাহিনী, ধেমালি গাই, গীত গাই গাই চোঁৱৰেৰে বা দি দি ভকত-বৈষ্ণৱে সিংহাসনত বহুৱাই বংশী গোপাল গোসাঁইক কান্ধত লৈ ৰভাতলৰ পৰা উলিয়াই। আইসকলৰ জাউৰিয়ে জাউৰিয়ে বিয়া নাম, আয়তী-নামতী আদি বিভিন্ন জনগোষ্ঠীৰ বৰ্নাঢ্য দৃষ্টিনন্দন সাংস্কৃতিক সমন্বয়ৰ সমাহাৰেৰে ফাকুৰ গুড়ি সিঁচি সিঁচি দৌললৈ যাত্রা কৰে।

দৌল মন্দিৰত গোসাঁইক পূজা-অৰ্চনা দি সাত পাক পদক্ষিণ কৰোৱাৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা শত সহস্ৰ ভকত বৈষ্ণৱে ফাকু খেলি হৰি নামৰ অমৃত ৰসৰ মাজেৰে ৰং ধেমালি কৰি নৃত্য-গীতত বিলিন হৈ এক আধ্যাত্মিক পৰিবেশৰ সূচনা কৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *