গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ পথ দুর্ঘটনা।
মহানগৰীৰ গীতা মন্দিৰৰ সমীপৰ মাদাৰ টেৰেছা ৰোডত ভয়ংকৰ পথ দুর্ঘটনা।
পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু, এজন আহত।
নিহত আৰু আহত যুৱক দুজনক চিনাক্ত কৰিব পৰা নাই।
গীতানগৰৰ পৰা মাঠঘৰীয়া অভিমুখে তীব্ৰ বেগেৰে অহা এখন স্কুটি নিয়ন্ত্ৰণ হেৰুৱাই গীতা মন্দিৰৰ সমীপৰ মাদাৰ টেৰেছা ৰোডৰ ডিভাইডাৰত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।ফলত স্কুটি চালকজন চিটিকি ডিভাইডাৰত থকা লোহাৰ ৰডৰ ওপৰত পৰে। যুৱক জনৰ মুখেৰে ৰড সোমাই মূৰৰ ওপৰেৰে ওলাই যায় আৰু যুৱকজন থিতাতে নিহত হয়।।
ইপিনে, আহত হোৱা যুৱকজন স্কুটি খন লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
পিছত নুনমাটি থানাৰ যান বাহন শাখাৰ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।
অত্যাধিক সুৰা সেৱন কৰি তীব্ৰ গতিৰে স্কুটি চলোৱাৰ বাবে এই পথ দুর্ঘটনা সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে।।