Share and Enjoy !

Shares

কংগ্ৰেছত ব্যাপক খহনীয়া । সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ মাজতে কংগ্ৰেছত দেখা দিছে খহনীয়তাই । এইবাৰ কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান। কংগ্ৰেছী নেতাৰ বিজেপিত যোগদানক লৈ এতিয়া কংগ্ৰেছৰ ভিতৰচৰাতে জোকাৰণি সৃষ্টি কৰিছে।

আজি বিজেপিত যোগদান তিনি কংগ্ৰেছ বিধায়কৰ। বশিষ্ঠৰ বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে এই তিনি কংগ্ৰেছ বিধায়কে।

বিজেপিৰ ৰাজ্যিক সভাপতি দিলাপ শইকীয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিত বিজেপিত যোগদান কৰে শশীকান্ত দাস, কমলাক্ষ দে পুৰকায়স্থ আৰু বসন্ত দাসে

উল্লেখ্য যে, শশীকান্ত দাস ৰহাৰ কংগ্ৰেছৰ বিধায়ক, আনহাতে কৰিমগঞ্জ উত্তৰ সমষ্টিৰ কমলাক্ষ দে পুৰকায়স্থ আৰু বসন্ত দাস মঙলদৈ সমষ্টিৰ বিধায়ক।

 

Leave a Reply

Your email address will not be published. Required fields are marked *