Share and Enjoy !

Shares

ফাকুৱাৰ আনন্দ উল্লাসৰ মাজতে হাজোৰ নয়নপুৰত মৰ্মান্তিক দুৰ্ঘটনা।

হাজোৰ পুঠিমাৰী নৈত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱতিলে তিনিজনকৈ যুৱকে।

হোলী উপলক্ষে নৈৰ পাৰত সাতজনীয়া বন্ধুৰ দলে আয়োজন কৰিছিল ভোজভাতৰ।খোৱাৰ পূৰ্বে তিনিও বন্ধুৱে পুঠিমাৰী নৈত নামিছিল গা ধুবলৈ বুলি।কিন্তু গা ধুবলৈ গৈ সন্ধানহীন হয় নয়নপুৰৰ জয়প্ৰকাশ কলিতা (২৮), পাখামেলাৰ বিশাল দাস (২৩) আৰু শান্তিপুৰৰ সন্দীপ কলিতা (২২)।নামৰ তিনি যুৱক।পিছত ঘটনাস্থলীত NDRF বাহিনীয় উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই তিনিজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *