শ্ৰীভূমি চহৰৰ লক্ষী বজাৰ ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা।
মহৰ্ষি বিদ্যালয়ৰ বিপৰীতে চাৰিখন বাহনৰ মাজত সংঘটিত হয় সংঘৰ্ষ ।
তিনিখনকৈ অটো ৰিক্সা আৰু এখন মটৰ চাইকেলৰ মাজত সংঘটিত হয় সংঘৰ্ষ ।
সংঘৰ্ষৰ লগতে সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা।
এই অগ্নিকাণ্ডৰ ফলত এখন অটো ৰিক্সা আৰু মটৰ চাইকেলৰ বহু অংশ ভস্মীভূত হয়।
দুৰ্ঘটনাত তিনিখন অটো ৰিক্সা আৰু বাইকৰ আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
স্থানীয় লোকৰ তৎপৰতাত আহত সকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰা হয় কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ।