Share and Enjoy !

Shares

ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দ উৎসৱৰ মাজতে গুৱাহাটী মহানগৰীৰ বামুনিমৈদাম ৰে’লৱে কলনীত ভয়ংকৰ ঘটনা।

জীৱন্তে অগ্নিদগ্ধ হৈ এজন যুৱকৰ কৰুণ মৃত্যু।

অগ্নিদগ্ধ হৈ মৃত্যু হোৱা যুৱক জনৰ নাম অমৃত মাহাত্ত্ব(২২)।বুলি জানিব পৰা গৈছে।

বামুনিমৈদামৰ ৰে’লৱে কোৱাটাৰৰ মাজত থকা পৰিত্যক্ত জুপুৰি ঘৰত হোলী খেলি আহি নিশা শুই আছিল যুৱকজন।ঘৰসমূহত কোনো নাছিল।কেৱল যুৱক জন আছিল।যুৱক জনৰ ঘৰ বামুনীমৈদামত।কিন্তু হলি খেলি সুৰা অধিক সেৱন কৰি শুই আছিল জুপুৰি ঘৰটোত।

কোনে দুৰ্বৃত্তই জুপুৰি ঘৰত জুই লগাই দিয়া বুলি ৰাইজে সন্দেহ কৰিছে।

ৰাইজৰ খবৰৰ ভিত্তিত চানমাৰি আৰক্ষীৰ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি জিএমচিএইচ লৈ প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত চানমাৰি আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *