আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ'ল পবিতৰা অভয়াৰণ্যআজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ'ল পবিতৰা অভয়াৰণ্য

Share and Enjoy !

Shares

আজিৰে পৰা দেশী বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় পবিতৰা অভয়াৰণ্য। বৃহস্পতিবাৰে দিনৰ ১১ বজাত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে দ্বাৰ মুকলি কৰে

 

পবিতৰাৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই জানিবলৈ দিয়া অনুসৰি, মুকলি অনুষ্ঠানত উপস্থিত থাকে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা,বিধায়ক ৰমাকান্ত দেউৰী,মায়ঙৰ পৰম্পৰাগত ৰজা তৰণিকান্ত সিংহ কোঁৱৰ।লগতে উপস্থিত থাকে ৰাইজৰ লগতে বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকল।

 

পবিতৰাৰ জীপ চাফাৰী আৰু বন বিভাগৰ ৭টা হাতী সাজু কৰি ৰখা হৈছে। আজিৰে পৰা অভয়াৰণ্যৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিব পাৰিব দৰ্শনাৰ্থীসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *