বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰত আজি প্ৰথমটো অনুষ্ঠান।ঐতিহাসিক মুহূৰ্তৰ সাক্ষী কৰি মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ আৱিৰ্ভাৱ ক্ষেত্ৰত প্ৰথমটো অনুষ্ঠানত হিচাপে আজি এখনি গ্ৰন্থ উন্মোচন কৰে।
বিশিষ্ট সাহিত্যিক, অৱসৰপ্ৰাপ্ত শিক্ষক দিলীপ কুমাৰ নাথৰ “জীৱন বীক্ষণ” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। হৰিধ্বনিৰ মাজেৰে গ্ৰন্থখনি উন্মোচন কৰি আয়ুক্ত দেৱাশীষ শৰ্মাই উল্লেখ কৰে যে, “নীৰবে একাংশ ব্যক্তিয়ে সামাজ সুন্দৰ সাধনাত ব্ৰতী হয়। এই সকল প্ৰচাৰ বিমুখ, কিন্তু একান্ত মনেৰে সমাজৰ বাবে কাম কৰি আছে। এইসকল ব্যক্তিৰ জীৱন শৈলী আমাৰ বাবে নিদৰ্শন। সেই সকল ব্যক্তিৰ বাবে সমাজ সুন্দৰ।” বুলি ভাষণ প্ৰদান কৰাৰ লগতে পাঠক সমাজে এই জীৱন বীক্ষণ গ্ৰন্থখন গ্ৰহণ কৰি উপকৃত হব বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে।
সাংবাদিক দিব্যজ্যোতি বৰুৱাই আঁত ধৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে “দিলীপ কুমাৰ নাথৰ এই জীৱন বীক্ষণ গ্ৰন্থখন এক বিশেষ সময়ৰ দলিল হৈ ৰব” বুলি প্ৰকাশ কৰে। আনহাতে, বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ নমিতা কলিতাই “জীৱন বীক্ষণ কিতাপখনৰ নামটোৱে মোক আকৰ্ষিত কৰিছে” বুলি লিখকক প্ৰশংসা কৰে।
বিশিষ্ট সত্ৰীয়া শিল্পী ৰঞ্জিত মহন্তই লিখক দিলীপ কুমাৰ নাথৰ ব্যক্তিত্ব আৰু জীৱন চৰ্চা প্ৰশংসনীয় বুলি প্ৰকাশ কৰে। বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত প্ৰথমটো অনুষ্ঠান তথা গ্ৰন্থ উন্মোচনী কাৰ্যসূচীত সমাজকৰ্মী প্ৰফুল্ল বৰুৱা, প্ৰণতী দেৱী, শিক্ষক হৃদয় জ্যোতি দাস, নৱনীতা নাথ, প্ৰকাশক ৰাজীৱ নেওগ, শিল্পী দিগন্ত তালুকদাৰ, কন্দৰ্প কুমাৰ কলিতা, হীৰকজ্যোতি দাস, নীলকান্ত ৰংহাঙকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।