আকৰ্ষণীয় হ’ব ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ মৰিয়নী সমষ্টি। এইবাৰ মৰিয়নী সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হ’ব ড০ জ্ঞানশ্ৰী বৰা লগতে এই সমষ্টিটোৰ পৰা ৫বাৰকৈ বিধায়ক হোৱা ৰূপজ্যোতি কুৰ্মী।
শনিবাৰে নিশা সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জ্ঞানশ্ৰীক।কটাক্ষ কৰে ৰূপজ্যোতি কুৰ্মীয়ে
শনিবাৰে নিশা দলীয় এক কাৰ্যসূচীত অংশ লোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তাত বিধায়ক কূৰ্মীয়ে কয় ,ধুনীয়া ছোৱালী এজনী মৰিয়নীত আহিছে বুলি শুনিছো।’ দেখিবলৈ ধুনীয়া ছোৱালীয়ে মোক নিৰ্বাচনত পৰাস্ত কৰিব নোৱাৰে”। ছোৱালীজনী ৰাইজৰ দলৰ নে অসম জাতীয় পৰিষদৰ?
ৰূপজ্যোতি কূৰ্মীয়ে লগতে কয় যে, এই সমষ্টিটোত মোৰ মামা, ভনী, বৌ, দাদাৰে ভৰি আছে। কোনোবাই বিপদ হ’লেই মোক বিচাৰে। সকলোৱে মোক ধনু বুলিয়েই জানে। এই সকলোবোৰে মিলি ৫বাৰকৈ জিকালে আৰু ৬নম্বৰ বাৰো মোক জিকাব। বেলেগ কোনোবা আহি লাভ নাই। দেখিবলৈ ধুনীয়া হ’লেই নিৰ্বাচনত জিকিব নোৱাৰি।