Share and Enjoy !

Shares

ভাৰতীয় জনতা পাৰ্টিত যোগদান প্ৰদ্যুৎ বৰদলৈৰ। মুখ্যমন্ত্ৰীৰ দিল্লীৰ আবাসত আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিলে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে।

মঙলবাৰে নিশা কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পাছত আজি নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত গেৰুৱা বসন পিন্ধি বিজেপিত যোগদান কৰে প্ৰদ্যুৎ বৰদলৈয়ে।

প্ৰদ্যুৎ বৰদলৈৰ বিজেপিত যোগদানৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত দিয়া এক মন্তব্যৰ পাছতে সামাজিক মাধ্যমত জিতেন্দ্র সিঙে পৰোক্ষ্যভাৱে পোষ্ট কৰি কয় যে- প্ৰদেশ কংগ্ৰেছৰ প্ৰাৰ্থীৰ দুখন তালিকা ওলাইছিল। সেই তালিকাত প্ৰদ্যুৎ বৰদলৈৰ আপত্তি থকা প্ৰাৰ্থীজনৰ নাম নাছিল। প্ৰদ্যুত বৰদলৈৰ সৈতে আমি বিবেচনা কৰিছিলো।এই বিষয়ে তেওঁৰ লগত দুবাৰমান কথা পাতিছিলো। ৰাজনীতিবিদ হিচাপে আমি উপলব্ধি কৰা উচিত যে ভোটাৰে আমাক মৰ্যাদা আৰু আন্তৰিকতাৰে তেওঁলোকক প্ৰতিনিধিত্ব কৰিবলৈহে নিৰ্বাচিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *