সমুখত অসম বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে শাসক-বিৰোধী পক্ষৰ নেতাসকল। যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে। প্ৰতিটো ৰাজনৈতিক দল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে।
সোমবাৰে APCCৰ সভাপতি গৌৰৱ গগৈও অংশগ্ৰহণ কৰিব বহু কেইখন নিৰ্বাচনী সভাত
সোমবাৰে ৰহা, বিহপুৰীয়া, ৰঙানদী, লখিমপুৰ, ধেমাজি, মাকুম, শদিয়া, সোণাৰিত নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ নেতাগৰাকীয়ে চলাব ।
গৌৰৱ গগৈৰ সোমবাৰৰ সম্পূৰ্ণ কাৰ্যসূচী অনুসৰি….
পুৱা ৯.৩০ বজাতঃ গুৱাহাটীৰ খানাপাৰাৰ পৰা ৰহা অভিমুখে হেলিকপ্টাৰেৰে আৰম্ভ কৰিব যাত্ৰা।
পুৱা ১০.০০ বজাতঃ ৰহাত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব।
পুৱা ১০.৩০ বজাতঃ হেলিকপ্টাৰেৰে ৰহাৰ পৰা বিহপুৰীয়ালৈ যাত্ৰা আৰম্ভ কৰিব।
দিনৰ ১১.০০ বজাতঃ বিহপুৰীয়াত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব গৌৰৱ গগৈয়ে।
দিনৰ ১১.৩০ বজাতঃ বিহপুৰীয়াৰ পৰা ৰঙানদী অভিমুখে হেলিকপ্টাৰেৰে যাত্ৰা আৰম্ভ কৰিব।
দিনৰ ১১.৪৫ বজাতঃ ৰঙানদীত উপস্থিত হৈ অংশগ্ৰহণ কৰিব নিৰ্বাচনী প্ৰচাৰ সভাত।
দিনৰ ১২.১৫ বজাতঃ ৰঙানদীৰ পৰা হেলিকপ্টাৰেৰে লখিমপুৰলৈ যাত্ৰা আৰম্ভ কৰিব।
দিনৰ ১২.৩০ বজাতঃ লখিমপুৰত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব কংগ্ৰেছ নেতাগৰাকীয়ে।
দিনৰ ১.০০ বজাতঃ হেলিকপ্টাৰেৰে লখিমপুৰৰ পৰা ধেমাজিলৈ আৰম্ভ কৰিব যাত্ৰা।
দিনৰ ১.১৫ বজাতঃ ধেমাজিত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব গৌৰৱ গগৈয়ে।
দিনৰ ১.৪৫ বজাতঃ ধেমাজিৰ পৰা মাকুমলৈ হেলিকপ্টাৰেৰে উৰা মাৰিব কংগ্ৰেছ নেতাগৰাকীয়ে।
দিনৰ ২.৪৫ বজাতঃ মাকুমত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব তেওঁ।
বিয়লি ৩.১৫ বজাতঃ মাকুমৰ পৰা শদিয়া অভিমুখে যাত্ৰা কৰিব গৌৰৱ গগৈয়ে।
বিয়লি ৩.৩০ বজাতঃ শদিয়াত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব।
বিয়লি ৪.১৫ বজাতঃ শদিয়াৰ পৰা সোণাৰিলৈ যাত্ৰা আৰম্ভ কৰিব।
বিয়লি ৪.৩০ বজাতঃ সোণাৰিত উপস্থিত হৈ অংশগ্ৰহণ কৰিব নিৰ্বাচনী প্ৰচাৰ সভাত।
সন্ধিয়া ৫.১৫ বজাতঃ সোণাৰিৰ পৰা যোৰহাট অভিমুখে হেলিকপ্টাৰেৰে যাত্ৰা কৰিব গৌৰৱ গগৈয়ে।
সন্ধিয়া ৫.৩০ বজাতঃ যোৰহাট বিমান বন্দৰত উপস্থিত হ’ব কংগ্ৰেছ নেতাগৰাকী।