ব’হাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত প্ৰতি ঘৰ অসমীয়াৰ বাঢ়িছে ব্যস্ততা।
থমকি ৰোৱা নাই বিহুবুলিয়া প্ৰতিগৰাকী বিহুৱা বিহুৱতী।
সাতামপুৰুষীয়া চেনেহৰ বিহুটিক শুদ্ধ ৰূপত উপস্থাপন কৰিবলৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বিহুগীত গোৱা,ঢোল,পেঁপা,টকা,সুতুলী,তাল,গগনা ইত্যাদি বজোৱাৰ উপৰিও বিহু নাচৰ কৰ্মশালা ঠায়ে ঠায়ে অনুষ্ঠিত কৰি আহিছে।
বিশেষকৈ বীৰ লাচিত সেনা অসমৰ মৰিগাঁও জিলাৰ অন্তৰ্গত ধৰমতুল আঞ্চলিক সমিতিয়ে স্থানীয় স্কুল খেল পথাৰত পাঁচ দিনীয়াকৈ অনুষ্ঠিত কৰা ঢোল বাদন আৰু বিহু নাচৰ কৰ্মশালাত অঞ্চলটোৰ বহু শিশু আৰু যুৱক-যুৱতীয়ে স্বতঃস্ফু্ৰ্তভাৱে কৰিছে অংশগ্ৰহণ।
সম্পূৰ্ণ বিনামূলীয়াকৈ অনুষ্ঠিত হোৱা ঢোল বাদন আৰু বিহু নাচৰ কৰ্মশালাখনকলৈ উৎফুল্লিত প্ৰশিক্ষাৰ্থী সকলৰ লগতে প্ৰশিক্ষক সকল।