২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী। ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল।
এই নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিবলৈ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যত পুনৰ নিৰ্বাচনী হিংসা । বিগত কেইবাদিনত ৰাজ্যৰ বিভিন্ন সমষ্টিত হিংসাত্মক ঘটনা সংঘটিত হৈ থকাৰ মাজতেই সোমবাৰে পুনৰ নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হৈছে ।
ছিপাঝাৰৰ ৰূপহীকাষত নিৰ্বাচনী হিংসা।
বেনাৰ-পোষ্টাৰ লগাবলৈ যোৱা কেইবাগৰাকীও বিজেপি কৰ্মীক প্ৰহাৰ।
৬গৰাকীকৈ বিজেপি কৰ্মীক প্রহাৰৰ অভিযোগ।
একাংশ কংগ্রেছ কৰ্মীয়ে প্ৰহাৰ কৰাৰ অভিযোগ।
আক্রমণত আঘাতপ্রাপ্ত আলিমূল হক আৰু জিণ্টু ডেকা নামৰ দুজন।
নিশাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক।
ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে আটক কৰে এজনক।